Pityriasis alba/পিটাইৰিয়াচিছ্ অালবা (অসমীয়াত চোম পৰা এবিধ বেমাৰ বুলি কোৱা হয়। আনবিধ চোম পৰা বেমাৰৰ নাম হ'ল Pityriasis versicolor/পিটাইৰিয়াচিছ্ ভাৰ্চিকলৰ। আজি কেৱল Pityriasis alba ৰ বিষয়েহে চমু অাভাস দিবলৈ চেষ্টা কৰা হৈছে):ই সাধাৰণতে সৰু ল'ৰা-ছোৱালীৰ (৩-১৬ বছৰ বয়সৰ ভিতৰত অাৰু লিংগ সমানুপাতে) হোৱা এবিধ ছালৰ বেমাৰ। যদিও প্রাপ্তবয়স্ক লোকৰ দেহতো এইবিধ ৰোগ হোৱা দেখা পাব পাৰি। ইয়াক একপ্ৰকাৰ 'কম প্ৰাৱল্যৰ এক্জেমা' (low intensity eczema) বুলিও ক'ব পাৰি।আপোনালোকৰ জ্ঞাতার্থে জনাওঁ যে এক্জেমা (eczema) এবিধ অতি সাধাৰণতে হোৱা (common)/খজুৱা (itchy)/দীর্ঘস্থায়ী (chronic) তথা হঠাৎে উদ্বেগজনকভাৱে বাঢ়ি যোৱা (acute exacerbation)/পুনৰাবৃত্তি হৈ থকা (recurrent) এবিধ ছালৰ ৰোগ।Pityriasis alba ৰোগবিধ কি কাৰণে আৱিৰ্ভাৱ হয় তাৰ প্ৰকৃত কাৰণ এতিয়ালৈ নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। তথাপিও Malassezia গ্ৰুপৰ ভেকুঁৰৰ লগত ইয়াৰ সম্বন্ধ থকাৰ কিছুমান তথ্য পোৱা যায়।'Pityriasis' শব্দৰ সাধাৰণ বোধগম্য অৰ্থ হ'ল খচখচীয়া (scaly)l'Alba' শব্দৰ সাধাৰণ বোধগম্য অৰ্থ হ'ল শেতা পৰা বা পাতল ভাৱে বগা হোৱা (hypopigmentation)।গতিকে Pityriasis alba ত সাধাৰতে ৰোগ হোৱা ঠাই খনৰ ছালখন সামান্য পৰিমাণে খচখচীয়া অাৰু লগতে শেতা বা বগা পৰি যায়। শুকান ছালৰ গৰাকীৰ অাৰু যিসকলৰ 'এটপিক্ এক্জেমা' (Atopic eczema: নৱজাত আৰু শিশু সকলৰ হোৱা এক্জেমাৰ এবিধ প্ৰকাৰ) ৰোগৰ ইতিহাস থাকে তেওঁলোকৰ এইবিধ ৰোগ হোৱাৰ প্ৰৱণতা অধিক থাকে।ৰোগৰ লক্ষণ: সাধাৰণতে মুখমণ্ডলত ০.৫-৫ ছে:মি ব্যাসৰ (বা কেতিয়াবা বেছিও হ'ব পাৰে) ভিতৰৰ গোলাকৃতি নাইবা ডিম্বাকৃতিৰ, এটা বা ততোধিক, কিছুমান শুকান, সামান্য খচখচীয়া আৰু শেতা বৰণৰ দাগ দেখিব পোৱা যায়। মুখমণ্ডলৰ উপৰিও তেনেকুৱা দাগ শৰীৰৰ আন ঠাই যেনে গল, কাঁধ নাইবা বাহুতো দেখা যাব পাৰে। মোৰ প্ৰেক্টিছত আনকি পেট, উৰু আৰু ভৰিতো তেনেকুৱা ৰোগ হোৱা দেখা পোৱা গৈছে যদিও সেয়া বিৰল (uncommon)। দাগবোৰত অতি সামান্য খজুৱতি থাকিব পাৰে বা বহু ক্ষেত্রত খজুৱতি একেবাৰে নাথাকে। সাধাৰণতে এই ৰোগবিধ যদি গ্ৰীষ্মকালত হয় তেনেহ'লে তাৰ শেতা ৰঙটো দেহৰ আন ৰোগৰহিত ঠাইতকৈ অতি সহজতে চকুৰে অনুমেয় হৈ পৰে আৰু যদি শীতকালত হয় তেনেহ'লে তাৰ খচখচীয়া লক্ষণবিধ বায়ুমণ্ডলৰ হ্ৰাস পোৱা আর্দ্রতাৰ কাৰণে বেছি খচখচীয়া আৰু শুকান হৈ পৰে।ৰোগ নির্ণয়: অভিজ্ঞ চিকিৎসকে অতি সহজে খালী চকুৰে নাইবা বিবর্ধক আৰ্চী (magnifying glass) নাইবা 'ঊদ্চ্ ল্যাম্প' (Wood's lamp) নামৰ এবিধ বিশেষ চিকিৎসা সজুঁলিৰে এই ৰোগবিধ নির্ণয় কৰিব পাৰে।ৰোগৰ চিকিৎসা: প্ৰকৃততে এই ৰোগবিধৰ বিশেষ চিকিৎসাৰ প্ৰয়োজন নাই। কাৰণ ই এবিধ সৌম্য (benign) অাৰু স্ব-সীমাবদ্ধ (self limiting) ৰোগ। কেতিয়াবা ই কেইটামান দিনৰ ভিতৰতেই, কেতিয়াবা সপ্তাহত আৰু কেতিয়াবা মাহৰ ভিতৰত ছালখনৰ কোনো তাৎপর্যপূর্ণ পৰিবর্তন নোহোৱাকৈ নিজে-নিজে অন্তর্ধান হৈ যায় তথা শেতা বৰণটো গুচি ছালৰ আগৰ স্বাভাৱিক বৰণ অাহি যায়। অতি কাচিৎহে এই ৰোগবিধ সম্পূর্ণ নির্মূল হোৱাত বছৰ পর্যন্ত লাগিব পাৰে। উপসর্গ (symptom) বিশেষ নাথাকিলে দৰৱ- পাতি খোৱাৰ প্ৰয়োজন নাই। তথাপি যিহেতু ছালখন প্ৰায়ে শুকান আৰু খচখচীয়া হৈ থাকে সেইহেতুকে এটা ভাল ময়েশ্চাৰাইজাৰ (moisturizer) ২-৩ বাৰ দৈনিক ব্যৱহাৰ কৰিব লাগে তথা ঘৰৰ বাহিৰত সূর্যৰ তলত ওলাই যাবলগীয়া হ'লে ময়েশ্চাৰাইজাৰৰ ওপৰত SPF 15 বা 15+ ৰ চানস্ক্রিন (sunscreen) ৰ এটা প্ৰলেপ আগতিয়াকৈ সানি ল'ব পাৰে যাতে সূর্যৰ অতিবেঙুনীয়া ৰশ্মিৰ বিৰূপ প্ৰভাৱৰ পৰা ছালখন সুৰক্ষিত থাকে। লগতে অধিক পাৰিমাণে পানী খোৱা (দিনে ৮ গিলাচ), বতৰৰ ফল-মূল খোৱা, সেউজীয়া শাক-পাচলি খোৱা অাদি অভ্যাসবোৰেও ৰোগ সোনকালে নিষ্পত্তি হোৱাত সহায় কৰিব পাৰে।যদিহে ৰোগৰ লক্ষণ (খজুৱতি, ৰুক্ষতা আদি) বেছি পৰিমাণে থাকে নাইবা কম সময়ৰ ভিতৰতে ৰোগবিধে নতুন-নতুন ঠাই আগুৰি পেলায় নাইবা ৰোগ হোৱা ঠাইখিনিৰ আকাৰ দিনকদিনে বাঢ়ি গৈ থাকে আৰু নাইবা তাৰ শেতা বৰণটোৰ পৰিৱৰ্তন হৈ ধকধকীয়া বগা হৈ পৰে তেনেহ'লে পলম নকৰি এজন অভিজ্ঞ চিকিৎসকৰ কাষ চাপিব লাগে।বি:দ্ৰ: ১) মন কৰিবলগীয়া যে এই ৰোগবিধত ছালৰ ৰঞ্জক পদার্থ মেলানিন (melanin) ৰ কোনো চিৰস্থায়ী হানি নহয় সেইগতিকে ছালত হোৱা সামান্য শেতা বৰণ অস্হায়ী হয় আৰু কম দিনৰ ভিতৰত ছালখনৰ আগৰ স্বাভাৱিক বৰণ প্ৰায়ে ঘূৰি অহা দেখা যায়।২) অান এবিধ ৰোগ ভিটিলিগো (Vitiligo) য'ত ছালৰ ৰঞ্জক পদার্থ মেলানিন (melanin) ৰ স্থায়ী ধ্বংসপ্ৰাপ্তি ঘটে (depigmentation) আৰু ৰোগ হোৱা ঠাইৰ ছালখন গাখীৰৰ দৰে শুদ্ধ বগা হৈ পৰে তাৰ এইবিধ ৰোগৰ লগত কোনো সম্পর্ক নাই। দুয়ো সম্পূর্ণ পৃথক। কিবা বিভ্রান্তি থাকিলে আতঙ্কিত নহৈ অভিজ্ঞ চিকিৎসকৰ কাষ চপা উচিত।সুস্থ থাকক। সজাগ থাকক।ধন্যবাদ। ডা০ দীপাংকৰ পাটগিৰী।