ছোৱালী বা মহিলাৰ প্ৰধানতঃ চুলি সৰা ৰোগ কি কি বাৰু? তাৰ লক্ষণ কি কি? কি কাৰণত হয়? তাৰ প্ৰতিকাৰ কি?ছোৱালী বা মহিলাৰ প্ৰধানতঃ ৩ বিধ চুলি সৰা ৰোগ হোৱা দেখা যায়। অাৰু কেইবিধমান প্ৰকাৰ আছে যদিও আজি প্ৰেকটিছত সঘনাই দেখি থকা এই তিনিবিধৰ বিষয়েহে অলপ চমু আভাস দিবলৈ চেষ্টা কৰা হ'ল।১) এক্যুট টিল'জেন এফ্লুভিয়াম (Acute telogen effluvium):লক্ষণ:গোটেই মূৰৰ পৰা অতি আকস্মিকভাৱে চুলি সৰাৰ সূচনা বা আৰম্ভণি হোৱা।অতি দ্ৰুত।অতি বিস্তৃত বা বিসৰিত যদিও সীমাবদ্ধ (৩-৬ মাহ)।দৈনিক অত্যাধিক + অত্যাধিক + অত্যাধিক চুলি সৰে। দিনে ১০০-১০০০ ডাল পর্য্যন্ত হ'ব পাৰে। মন কৰিব: সৰা চুলিৰ তলৰ অংশত এটা বগা ৰঙৰ সৰু বাল্ব আকৃতি দেখা পোৱা যায়। বহু ৰোগীয়ে চাউলৰ সৰু দানা এটা লাগি থকা বুলি কয়। এই চুলিক ক্লাব হেয়াৰ বুলি কয়।কাৰণ: সাধাৰণতে কিছুমান ট্রিগাৰিং ইভেন্ট (triggering event) ৰ ২-৩ মাহ পাৰ হৈ যোৱাৰ পিছত এনেকুৱা চুলি সৰা ৰোগ হোৱা দেখিবলৈ পোৱা যায়। সেই ট্রিগাৰিং ইভেন্ট বোৰ হ'ল-জ্বৰ (মেলেৰিয়া/টাইফয়েড বা ডেঙ্গু) হৈ উঠাৰ পিচত।সন্তান প্রসৱ কৰাৰ পিচত।দুর্ঘটনাজনিত ট্রমাৰ পিচত ।ডাঙৰ অপাৰেশন বা চার্জাৰিৰ পিচত।অত্যাধিক ৰক্তক্ষৰণৰ পাছত।কিবা মানসিক চাপ বা যন্ত্রনাৰ পাছত।ক্র্যাশ ডায়েটিং (crash dieting) ৰ পাছত।নতুনকৈ ঘৰ সলোৱাৰ পাছত।কেতিয়াবা হিট্ (straightening) বা ক্যেমিকেল ট্রিটমেন্ট কৰাৰ পাছত ইত্যাদি...।যদিও এক তৃতীয়াংশ ৰোগীৰ ক্ষেত্ৰত নির্দিষ্ট ট্রিগাৰিং ইভেন্ট ধৰিব পৰা নাযায়।চিকিৎসা: এই ৰোগ স্ব-সীমাবদ্ধ। সাধাৰণতে ৩-৬ মাহৰ ভিতৰত সেই ট্রিগাৰিং ইভেন্টবোৰৰ প্ৰাবল্য শাম কাটি অহাৰ লগে-লগে চুলি সৰাও স্বাভাবিক অৱস্থালৈ ঘূৰি আহে।যদি উপৰত উল্লেখ কৰা ট্রিগাৰিং ইভেন্টবোৰৰ ভিতৰত থকা কিছুমান ইভেন্ট নিজে সংশোধন কৰিব পাৰি তেনেহ'লে সেইটো কৰা আৱশ্যক। যেনে: ক্র্যাশ ডায়েটিং নকৰা/straightening নকৰা আদি।যদিও ৰোগবিধ ৩-৬ মাহমানৰ ভিতৰত স্ব-নিয়ন্ত্ৰণ হৈ যায় তথাপি সমস্যাৰ গম্ভীৰতা চাই বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপিব পাৰে।২) ক্ৰনিক টিল'জেন এফ্লুভিয়াম (Chronic telogen effluvium):অাপাততঃ কোনো ‍নির্দিষ্ট কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰাকৈ (Idiopathic) ৬ মাহতকৈ বেছি দিন গোটেই মূৰৰ পৰা অতি বিস্তৃত বা বিসৰিত ভাৱে চুলি সৰি থকা এবিধ ৰোগ। ৩০-৪০ বছৰ বয়সৰ মহিলাৰ এই চুলিৰ ৰোগ বেছি হোৱা দেখা যায়। এই ৰোগত কিছুমান তৰংগায়িত প্ৰতিৰূপ (Fluctuating pattern) দেখিব পোৱা যায়। মানে মাজত এমাহ-দুমাহ চুলি সৰা অলপ হ্ৰাস পালেও পিচৰ কেইবা মাহ ধৰি অত্যন্ত বেছি চুলি সৰিব পাৰে। বহু ৰোগীয়ে তেওঁলোকৰ খোপা বন্ধা চুলিৰ ঘনত্ব ৫০% বা তাতকৈও কমি যোৱা বুলি কয়। যদিও এই চুলি সৰা ৰোগৰ কোনো নির্দিষ্ট কাৰণ ধার্য কৰিব পৰা নাযায় তথাপি এই ৰোগ বহুক্ষেত্রত কেইটামান আন ৰোগৰ মাধ্যমিক (secondary) হিচাপেও হ'ব পাৰে। যেনে: ৰক্তহীনতা (anaemia)/থাইৰয়ড ৰোগ (hypo or hyperthyroidism/এক্ৰডার্মাটাইটিচ্ এনট্যেৰ'প্যেথিকা (acrodermatitis enteropathica) (জিংকৰ অভাৱগ্ৰস্ততাত ভোগা এবিধ ৰোগ) আদি।এই ৰোগ ৩-১০ বছৰ পর্যন্ত থাকিব পাৰে আৰু পিছত ইয়াৰ প্ৰাৱল্য স্বতঃফুর্তভাৱে হ্ৰাস হৈ গৈ থাকিব পাৰে।উপৰত উল্লেখ কৰা দুয়োবিধ ৰোগত দৈনিক চুলিহে বেছিকৈ সৰে (excessive daily hair shedding) কিন্ত্ত চুলিৰ সাধাৰণতে পাতলিকৰণ (thinning) নহয় মানে চুলিৰ নিজা ব্যাসার্ধ (diameter) হ্ৰাস নাপায় বা মূৰৰ চুলিৰ ঘনত্ব স্থায়ীভাৱে কমি নাযায়।উপৰত উল্লেখ কৰা ধৰণে এক নির্দিষ্ট সময়সীমাৰ ভিতৰত নাইবা জৰুৰী প্ৰতিকাৰৰ পিছত  অতিমাত্ৰা চুলি সৰা কমি আহি নিয়ন্ত্ৰণাধীন হয় তথা সৰি যোৱা চুলিখিনিৰ পুনৰ বৃদ্ধি ও বিকাশৰ ১০০% সম্ভাৱনাই থাকে।দৰৱ-পাতি + চুলিৰ লাগতিয়াল দৈনিক পৰিচর্যা + পুষ্টিকৰ খাদ্যৰ এইক্ষেত্রত ভূমিকা আছে।৩) ফিমেল পেটার্ন হেয়াৰ লছ্ (Female pattern hair loss):লক্ষণ:এই চুলি সৰা ৰোগলাহে-লাহে আৰম্ভ হয়।লাহে-লাহে বাঢ়ি যায়।সকলোতকৈ গুৰুত্বপূর্ণ কথা হ'ল ইয়াত দৈনিক লক্ষণীয়ভাৱে চুলি নসৰিবও পাৰে (বা সৰিবও পাৰে) কিন্ত্ত চুলি লাহে-লাহে পাতল (thin) হৈ গৈ থাকে ফলত মূৰৰ ঠাইবিশেষে চুলিৰ ঘনত্ব কমি গৈ থাকে। এই ৰোগত চুলি পাতল হোৱা বিশেষ ঠাই কিছুমান থাকে। সেইখিনিৰ ভিতৰত মূৰৰ কেন্দ্ৰভাগ (শেওঁতা ফলা অাৰু তাৰ দুয়োকাষ) তেই বেছি পাতলিকৰণ (thinning) দেখিব পোৱা যায়।ৰোগৰ কাৰণ:১) PCOD বা PCOS (polycystic ovarian disease/syndrome) থকা মহিলাৰ হৰমনৰ খেলি-মেলি তথা এন্দ্র'জেন (Androgen) হৰমনৰ প্ৰভাৱৰ বৃদ্ধিৰ বাবে এইবিধ চুলি সৰা ৰোগ বেছি হয়।চুলি সৰাৰ লগতে অনিয়মিতভাৱে মাহেকীয়া হোৱা/ঋতু- স্ৰাৱৰ তাৰতম্য ঘটা/শৰীৰৰ ওজন বঢ়া/মুখত শালমইনা (acne) হোৱা/গলৰ চাৰিওফালে তথা কাষলতিত কলা চামনিৰ নিচিনা পৰা (acanthosis nigricans)/শৰীৰৰ অস্বাভাৱিক ঠাই কিছুমানত বেছিকৈ পুৰষৰ নিচিনাকৈ চুলি গজা (hirsutism) অাদি PCOD বা PCOS ৰ আন অান লক্ষণ।২) ৰজনিবৃত্তি (menopause) হোৱা মহিলাৰ ইস্ট্র'জেন (Estrogen) হৰমন কমি এন্দ্র'জেন (Androgen) হৰমন প্ৰভাৱশালী হৈ উঠাৰ বাবেও এইবিধ চুলি সৰা ৰোগ হোৱা দেখা যায়।৩) বহুক্ষেত্রত এই ৰোগবিধ বংশানুক্ৰমিক (genetic) ভাৱেও (মাতৃৰ ফালৰ পৰা বেছি) অহা দেখা যায়।এইবিধ চুলি সৰা ৰোগত ছালৰ ভিতৰত সুমাই থকা হেয়াৰ ফলিকল (hair follicle) বা চুলিৰ গুৰিত এন্দ্র'জেন (Androgen mostly DHT) হৰমনৰ প্ৰভাৱত মিনিয়েশ্চুৰাইযেচন্ (miniaturization) নামৰ এবিধ ক্ৰিয়া হৈ চুলিবোৰ ক্ৰমান্বয়ে পাতল হৈ গৈ থাকে।চিকিৎসা: এইবিধ ৰোগৰ লক্ষণৰ অাভাস পালেই বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপিব লাগে নহ'লে পর্যায়ক্ৰমে (stage wise) চুলিৰ পাতলিকৰণ (thinning) হৈ স্থায়ীভাৱে ঘনত্ব কমি গৈ থাকে যাৰ ফলত আগৰ স্বাভাৱিক অবস্থা ঘূৰাই পোৱা কঠিন হৈ পৰে।চিকিৎসকে সঠিক ভাৱে ৰোগৰ কাৰণ অনুসন্ধান কৰি তাৰ চিকিৎসাৰ ব্যৱস্হা কৰে। এইবিধ ৰোগত দৰৱ-পাতিৰ বিশেষ ভূমিকা আছে লগতে লেজাৰ থেৰাপি (low level laser therapy)/প্লেটিলেট্ ৰিচ্ছ্ প্লাজমা থেৰাপি (platelet rich plasma therapy)/স্টেম চেল্ থেৰাপি (stem cell therapy) অাদি নান্দনিক (aesthetic) ট্রিটমেন্ট নাইবা কেতিয়াবা ৰোগীৰ প্ৰয়োজন অনুসৰি চুলিৰ প্রতিস্থাপনৰো (hair transplantation) দিহা কৰা হয়।বি:দ্ৰ: ১) যিকোনো চুলি সম্বন্ধীয় ৰোগত নিজাবৱীয়াকৈ কোনো দৰৱ খোৱা অনুচিত। কোনবিধ দৰৱ ৰোগ সাপেক্ষে দিয়া হয় সেয়া চিকিৎসকেহে ৰোগ চাই নিৰ্ধাৰণ কৰিব পাৰে।খাদ্য সম্বন্ধীয় সেলফ্ হেল্প (diet related self help):১) চয়াবিন (soyabean)/গ্ৰিন্ টি (gree tea)/তিলৰ গুটি (sesame seed)/গাখীৰ অাৰু আন দুগ্ধজাত খাদ্য যেনে পনীৰ অাদি/গজাঁলি ওলোৱা বুট-মগু/বিভিন্ন দাইল/ৰাজমা আদি চুলিৰ কাৰণে সুখাদ্য।২) বায়টিন (খাদ্যপ্ৰাণ খ ৭ বা vit b 7) যি চুলিৰ কাৰণে উত্তম উপাদান সেয়া প্ৰাকৃতিভাৱে চীনা-বাদাম (peanuts)/ফুল-কবি (cauliflower)/মাশৰুম (mushroom)/মিঠা-আলু (sweet potato)/কণীৰ কুহুম (egg yolk) আদিত পোৱা যায়।৩) মাছ-মাংস তাত থকা প্ৰচুৰ পৰিমাণৰ প্ৰটিনৰ কাৰণে চুলি সৰাৰ ক্ষেত্রত ভাল যদিও কিছুমান তথ্যমতে ফিমেল পেটার্ন হেয়াৰ লছ্ত (female pattern hair loss) ৰেড মিট (red meat) অপথ্য। লগতে ৰাগিয়াল দ্ৰব্য সেৱন কৰাৰ পৰাওঁ বিৰত থাকিব লাগে।ধন্যবাদ...ডা দীপাংকৰ পাটগিৰী।